Show/Hide Keyboard Layout

যদি জীৱনে কান্দে নাই নাই বুলি

- ভূপেন হাজৰিকা

যদি জীৱনে কান্দে নাই নাই বুলি

যদি দুখতে উৰে ধৰণীৰ ধূলি

নিৰাশাৰ আশাবোৰ ভাঙিব খুজিলে

মই গোৱা গীতটি গাবা ।

 

এটি বগলী যদি অকলে অকলে

উৰি উৰি যোৱা দেখা সাগৰৰ ফালে

বিৰাটক সৰুক্ষণে ভবাই তুলিলে

মই ৰচা গীতটি পঢ়িবা ।

 

বিচৰাটো যদি তুমি এবাৰো নোপোৱা

নিবিচৰাটিকে যদি বহুবাৰ পোৱা

বিচৰাটি ভাবি গুণি কান্দিব খুজিলে

মই হঁহা হাঁহিটি হাঁহিবা ।

 

বহুতৰে বুকু ভঙা ভঙা দেখো

সেয়েহে আশাৰে ভৰা গীতবোৰ লিখো

ভুলতেই তুমি যদি এন্ধাৰকে পোৱা

কাঁইটকে শেৱালিৰে পাহি বুলি লোৱা ।

 

তোমাৰ তেজেৰে বাট ৰঙা ৰঙা হ’লে

মই দিয়া সুৰেৰে মচিবা ।

Hits: 1526